Skip to main content

Top view news in Assamese

এখন হোটেল, এটা পৰিয়াল আৰু পাঁচজনৰ মৃত্যু! হেলেনা ভৰালীৰ জীৱনৰ শেষ অধ্যায়

গুৱাহাটী, ২৭ অক্টোবৰঃ গুৱাহাটীৰ ব্যস্ত জি এছ ৰোড। বৰা ছাৰ্ভিচৰ সন্মুখৰ হোটেল বিলাস ইন। সোমবাৰৰ নিশা প্ৰায় ৯ বাজিছে। হঠাৎ গুলীৰ শব্দ। কেইটামান মুহূৰ্তৰ ভিতৰতে হোটেলখনত সৃষ্টি হ’ল বিভীষিকা। য’ত কিছু সময় আগলৈকে চলি আছিল মানুহৰ আহ-যাহ, তাতেই পৰি ৰ’ল কেইবাজনো লোক। নিশাৰ সেই গুলীচালনাই কাঢ়ি নিলে পাঁচটা প্ৰাণ। নিহতসকলৰ ভিতৰত আছিল হোটেলখনৰ স্বত্বাধিকাৰী পক্ষৰ […]

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিনঅমৃতপ্ৰভা, সন্দীপনৰ পিছত কোন?

গুৱাহাটী, ১৬ অক্টোবৰ:( নিজস্ব প্ৰতিবেদক)– প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আন এক গুৰুত্বপূৰ্ণ আইনী অগ্ৰগতি। এইবাৰ জামিন লাভ কৰিলে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰে। ২০২৫ চনৰ ১৫ অক্টোবৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা বাক্সা কাৰাগাৰত বন্দী হৈ […]

২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ অভিনেতা ইমৰাণ খানক

প্ৰেমিকা লেখাৰ ছ’চিয়েল মিডিয়া পোষ্টক লৈ চৰ্চা মুম্বাই, ১৬ অক্টোবৰ: বলীউডৰ অভিনেতা তথা আমিৰ খানৰ ভতিজা ইমৰাণ খানক ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ দিছে মুম্বাইৰ Foreigners Regional Registration Office (FRRO)-এ। ১০ অক্টোবৰত মুম্বাইৰ আগষ্ট ক্ৰান্তি ময়দানত ককৰোচ জনতা পাৰ্টী (CJP)ৰ প্ৰতিবাদৰ সৈতে জড়িত ঘটনাৰ পিছতে অভিনেতাগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে, FRROৰ […]

শীতৰ আগমনৰ লগে লগে অযোধ্যাৰ ৰাম মন্দিৰত বিশেষ ব্যৱস্থা ৷ ৰাম লালাৰ বাবেও কৰা হৈছে বিশেষ ব্যৱস্থা ৷ ৰাম লালাৰ বাবে কি বিশেষ প্ৰস্তুতি চলোৱা হৈছে?

শীতকাল অহাৰ বাবে অযোধ্যাৰ ৰাম মন্দিৰত কৰা হৈছে বিশেষ ব্যৱস্থা ৷ ৰাম লালাৰ বাবেও ৰাম মন্দিৰত কৰা হৈছে বিশেষ ব্যৱস্থা । ২০ নৱেম্বৰৰ পৰা ৰামলালাক পিন্ধোৱা হ’ব গৰম কাপোৰ। ইয়াৰ সমান্তৰালকৈ ৰামলালাৰ ভোগ ইত্যাদিৰো সাল-সলনি কৰাৰ চলি আছে প্ৰস্তুতি । উল্লেখ্য যে ২০ নৱেম্বৰৰ পৰা গৰম কাপোৰ পিন্ধোৱাৰ লগতে গৰম খাদ্য অৰ্পণ কৰা হ’ব ৷ […]

সুৰাপান কৰি ভুল চিকিৎসা, পৰিণতিত গৰ্ভৱতী মহিলাৰ মৃত্যু

সুৰাপান কৰি ভুল চিকিৎসা, পৰিণতিত গৰ্ভৱতী মহিলাৰ মৃত্যু ৷ ঘটনাক কেন্দ্ৰ কৰি আমগুৰি সামূহিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ সুৰাপায়ী চিকিৎসকে অন্য ৰোগীৰ বেজী মহিলাগৰাকীক দিয়াৰ অভিযোগ পৰিয়ালৰ ৷ বেজী দিয়াৰ পিছতে মহিলাগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে আৰু পিছত মৃত্যু ঘটে ৷ এই সন্দৰ্ভত পৰিয়ালে চিকিৎসকজনক জবাবদিহি কৰাত পৰিস্থিতিৰ উত্তপ্ত হৈ পৰে ৷ পৰিয়ালে মৃতদেহ চমজি […]

ভাৰতৰ মাটি দখল কৰিলে হেনো বাংলাদেশে

আচৰিত নহ’ব। ভাৰতৰ মাটি দখল কৰিলে হেনো বাংলাদেশে। ১-২ কিঃমিঃ নহয়, সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ নিছে গৃহযুদ্ধৰ কৱলত ককবকাই থকা বাংলাদেশে। ভাৰতৰ মাটি দখলৰ এই উদ্ভট দাবী কৰিছে বাংলাদেশৰ সীমান্তৰক্ষী বিজিবিয়ে। ইয়াৰ বিপৰীতে ভাৰতৰ ভূখণ্ড সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি দাবী কৰিছে ভাৰতৰ সীমান্তৰক্ষী BSFএ। উল্লেখ্য যে ভাৰতৰ দখলত থকা মহেশপুৰ উপ-জিলাৰ মাটিলা সীমান্তৰ […]

বিশ্বত যুদ্ধ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, বৰঞ্চ যুদ্ধ বঢ়াৰ হে আশংকা

বিশ্বত যুদ্ধ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, বৰং বঢ়াৰ আশংকাহে সৃষ্টি হৈছে । আমেৰিকাই আকৌ এবাৰ সাম্ৰাজ্যবাদী চৰিত্ৰ প্ৰকাশ কৰাত তেনে আশংকাত কঁপিছে বিশ্ব। ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইলৰ তিনিটাকৈ ‘ফ্ৰণ্ট’ত চলি থকা যুদ্ধৰ অৱসান ঘটিব বুলি আশা কৰা হৈছিল যদিও সেয়া ক্ৰমাৎ দুৰাশাত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে […]