
ধেমাজিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, কামপুৰত কাজিৰঙা সমষ্টিৰ দাবী
ধেমাজি, ১৪ অক্টোবৰ, ধেমাজিৰ প্ৰতিবেদকঃ অসম আন্দোলনৰ উত্তাল পটভূমিত জন্ম। জন্মৰ এবছৰ নৌহওঁতেই চৰকাৰ গঠনৰ সোৱাদ। তাৰ পিছত ক্ষমতা, বিভাজন, সাংগঠনিক দুৰ্বলতা আৰু পুনৰ উত্থানৰ সংগ্ৰাম। অসম গণ পৰিষদৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসত সেয়েহে কেৱল অতীতৰ গৌৰৱ স্মৰণ নহয়, চৰ্চালৈ আহিছে আঞ্চলিক দলটোৰ বৰ্তমানৰ প্ৰাসংগিকতা আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানো।
ধেমাজিৰ দিলীপ শইকীয়া সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰীকে ধৰি শীৰ্ষ নেতৃত্বৰ উপস্থিতিয়ে দলীয় নেতা-কৰ্মীক উৎসাহিত কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৱেশত দলটোক অধিক শক্তিশালী কৰি তোলাৰ সংকল্পৰ লগতে আঞ্চলিকতাবাদৰ পতাকা উৰুৱাই ৰখাৰ অংগীকাৰ কৰে দলৰ নেতা–কৰ্মীয়ে।
১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত অসম চুক্তিৰ পিছত ১৪ অক্টোবৰত গোলাঘাটত জন্ম হৈছিল অসম গণ পৰিষদৰ। ছয় বছৰীয়া অসম আন্দোলনৰ ত্যাগ আৰু আঞ্চলিক স্বাভিমানৰ দাবীক ৰাজনৈতিক ৰূপ দিয়াৰ লক্ষ্যৰে গঠিত দলটোৱে সেই বছৰৰে বিধানসভা নিৰ্বাচনত বিপুল জনসমৰ্থন লাভ কৰি চৰকাৰ গঠন কৰিছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত আৰম্ভ হোৱা সেই যাত্ৰাই অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল।
কিন্তু আৰম্ভণিৰ সেই জনপ্ৰিয়তা দীৰ্ঘদিন একে ৰূপত নাথাকিল। ১৯৮৫-১৯৮৯ আৰু ১৯৯৬-২০০১—এই দুটা পৰ্যায়ত ৰাজ্যৰ শাসনভাৰ চম্ভালিলে অগপই। তাৰ পিছত বিভাজন, নেতৃত্বৰ সংঘাত আৰু নিৰ্বাচনী বিপৰ্যয়ে দলটোক দুৰ্বল কৰিলে। ২০০১ৰ পৰা ২০১৬লৈ সুদীৰ্ঘ ১৫ বছৰ ৰাজ্যৰ শাসনৰ বাহিৰত থাকিবলগীয়া হয় দলটো।
এই সময়ছোৱাত অগপৰ ৰাজনৈতিক ভৱিষ্যৎক লৈ প্ৰশ্ন উঠিছিল। ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ সিদ্ধান্তই দলটোক পুনৰ চৰকাৰৰ অংশীদাৰ হোৱাৰ সুযোগ দিয়ে। অতুল বৰা আৰু কেশৱ মহন্তৰ নেতৃত্বই মিত্ৰতাৰ ৰাজনীতিক বাছি লোৱা সিদ্ধান্তক দলটোৰ পুনৰুত্থানৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায়। অৱশ্যে, অতুল বৰা, কেশৱ মহন্তৰ এই সিদ্ধান্তৰ ফলত অগপই সাংগঠনিক শক্তি পুনৰ লাভ কৰিলে আৰু নিজৰ স্বতন্ত্ৰ আঞ্চলিক পৰিচয়ো সমানেই অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা বুলি বিভিন্ন সময়ত দলৰ নেতা–কৰ্মীয়েও স্বীকাৰ কৰি আহিছে।
প্ৰতিষ্ঠা দিৱসত সভাপতি অতুল বৰাই অগপই সুনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰি অসমৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰে। আনহাতে, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই গুৱাহাটীৰ বৰাগাঁৱত স্থাপন হোৱা ছহিদ স্মাৰক ক্ষেত্ৰৰ প্ৰসংগৰে অসম আন্দোলনৰ শ্বহীদসকললৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কথা উল্লেখ কৰে।
ৰাজ্যৰ বিভিন্ন জিলাতো প্ৰতিষ্ঠা দিৱস উপলক্ষে দলীয় কাৰ্যসূচী অনুষ্ঠিত হয়। জন্মস্থান গোলাঘাটত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু জ্যেষ্ঠ আঞ্চলিকতাবাদীসকলক সম্বৰ্ধনা জনোৱা হয়। হাজো-শুৱালকুছি, কলিয়াবৰ, মানকাচৰ আৰু সোণাপুৰতো পতাকা উত্তোলন, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু দলীয় সভাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহত আঞ্চলিকতাবাদৰ আদৰ্শ আগুৱাই নিয়াৰ লগতে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ সংকল্প প্ৰকাশ কৰে নেতা-কৰ্মীসকলে। হাজোত বিধায়ক প্ৰকাশ দাস, সোণাপুৰত ডিমৰীয়াৰ বিধায়ক ড০ তপন দাস, মানকাচৰত জাভেদ ইছলাম, কলিয়াবৰত মণিমাধৱ মহন্তৰ নেতৃত্বত অগপৰ নেতা–কৰ্মীৰ উৎসাহ দুগুণে বৃদ্ধি পায়।
কিন্তু প্ৰতিষ্ঠা দিৱসৰ উৎসাহৰ মাজতো দলটোৰ বাবে ৰাজনৈতিক প্ৰত্যাহ্বান যে শেষ হোৱা নাই, তাৰ ইংগিত পোৱা যায় কামপুৰৰ কাৰ্যসূচীত। আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিটো বিজেপিৰ পৰিৱৰ্তে অগপক এৰি দিবলৈ দাবী উত্থাপন কৰে দলীয় নেতা-কৰ্মীসকলে। বঢ়মপুৰ সমষ্টি পুনৰ মিত্ৰদলক এৰি দিয়াক লৈ থকা অসন্তুষ্টিৰ কথাও তেওঁলোকে প্ৰকাশ কৰে। কামপুৰৰ কাৱৈমাৰী গাঁৱৰ বিহু বাকৰিত অনুষ্ঠিত সভাত এই দাবীৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয়।
এই দাবীয়ে অগপৰ সন্মুখত থকা এটা মৌলিক প্ৰশ্ন পুনৰ উত্থাপন কৰিছে—মিত্ৰতাৰ জৰিয়তে ক্ষমতাত অংশীদাৰ হৈ থকাৰ সমান্তৰালকৈ নিজৰ নিৰ্বাচনী ভেটি আৰু স্বতন্ত্ৰ ৰাজনৈতিক পৰিচয় কেনেকৈ শক্তিশালী কৰিব দলটোৱে?
অসম আন্দোলনৰ আৱেগে জন্ম দিয়া অগপ আজি ৪২ বছৰত ভৰি দিছে। অতীতৰ গৌৰৱ দলটোৰ মূলধন, কিন্তু ভৱিষ্যতৰ ৰাজনীতিত প্ৰাসংগিক হৈ থাকিবলৈ প্ৰয়োজন হ’ব সাংগঠনিক শক্তি, জনসাধাৰণৰ সৈতে সংযোগ আৰু মিত্ৰতাৰ ৰাজনীতিত নিজৰ স্থান সুদৃঢ় কৰাৰ কৌশল।
ধেমাজিৰ কেন্দ্ৰীয় সমাৱেশত উৰি থকা অগপৰ পতাকাৰ সৈতে সেয়েহে জড়িত হৈ আছে এটা দলৰ প্ৰতিষ্ঠা দিৱসৰ উৎসাহেই নহয়, অসমৰ আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যৎ সম্পৰ্কীয় প্ৰশ্নও।

